আটাইতকৈ সুবিধা পোৱা পৰিয়ালটোৱেই হৈছে শ্যামকানুৰ পৰিয়াল এজন এজনকৈ সকলোৱে স্পষ্টীকৰণ দিবলৈ সুযোগ পালে। CID ৰ আগত নহয়, বিভিন্ন মাধ্যমৰ সন্মুখত । জুবিনৰ মৃত্যুৰ অভিযোগত অভিযুক্ত কেইজনৰ কথা কৈছোঁ।প্ৰথমে আহিল শেখৰ গোস্বামী।বিভিন্ন চেনেলত নিজৰ স্পষ্টীকৰণ দিলে ।প্ৰেছ কনফাৰেন্স কৰিবলৈ সুযোগ দিয়া হ'ল সঞ্জীৱ নাৰায়ণক । বাকী আছিল সিদ্ধাৰ্থ আৰু শ্যামকানু ।সিদ্ধাৰ্থৰ কপালত বেয়া ।ভালকৈ অসমীয়া কব নাজানে ।সেয়েহে স্পষ্টীকৰণ দিব নোৱাৰিলে । বাকী থাকিল শ্যামকানু ।শ্যামকানু কত আছে তাক লৈ ৰাজ্যজুৰি আলোচনা চলি থকা অৱস্থাতেই অজ্ঞাত স্থানৰ পৰা শ্যামকানু ফেচবুক LIVE আহিল ।বুজাবলৈ চেষ্টা কৰিলে তেওঁ নিৰ্দোষী । সঞ্জীব নাৰায়ণৰ সৈতে শ্যামকানুৰ বক্তব্যৰ মিল আছে ।শ্যামকানুৱে উদ্যোগী সকলৰ সৈতে এখন হোটেলতে মিটিং কৰি আছিল ।হঠাৎ সিদ্ধাৰ্থই ফোন কৰি জনালে জুবিন দাৰ দুৰ্ঘটনা হৈছে । জুবিনদাৰ অবস্থা সংকটজনক । এনে এটা বাৰ্তা পালে আপুনি,মই লগে লগে ঘটনা স্থলীলৈ দৌৰি গলোহেতেন। কিন্তু শ্যামকানু দৌৰি নগল ।শ্যামকানুৱে বেলেগক খবৰ লবলৈ কলে ।সেইজন শ্যামকানুৱে এতিয়া কৈছে জুবিন গাৰ্গ আমাৰ ব্ৰেণ্ড এম্বাচাদৰ ।জুবিন আমাৰ আত্মা । ঘেন্টা । এতিয়া প্ৰশ্ন হৈছে অভিযুক্ত কেইজনে শাস্তি পাবনে? মই কৈছোঁ নাপায় ।আদালতত অতি সহজে ওলাই যাব এওঁলোক ।শ্যামকানুৱে কব সাগৰলৈ জুবিনক লৈ যোৱাৰ বিষয়ে মই নাজানো ।সঞ্জীব নাৰায়ণে কি ক'ব ইতিমধ্যে কৈছেই ।সিদ্ধাৰ্থ আৰু শেখৰে কব দাদাই আমাৰ কথা নুশুনে।তেন্তে দোষী কোন হ'ব ? সিদ্ধাৰ্থৰ ঘৰৰ আগত আজি অভাবনীয় পৰিবেশ দেখিলোঁ ।হাজাৰ হাজাৰ লোক আহিছিল সিদ্ধাৰ্থৰ ঘৰত প্ৰবেশ কৰিবলৈ ।শ্যামকানুৰ টকা আছে । এমাহ মান বিদেশত থাকিব ।ইতিমধ্যে শ্যামকানুৱে ছিংগাপুৰত নতুন ম'বাইল চিমকাৰ্ড বনাই লৈছে । পৰিয়ালৰ সৈতে যোগাযোগ ঠিকেই ৰাখিছে ।CIDয়ে হয়তো শেখৰ, সিদ্ধাৰ্থৰ লেপটপ, ডেক্সটপ জব্দ কৰি দায়িত্ব শেষ কৰিব ।সঞ্জীব নাৰায়ণৰ ম'বাইল এতিয়াও জব্দ নহ'ল ।অথচ সেই মবাইলত জুবিনৰ অন্তিম আলোকচিত্ৰৰ পৰা আৰম্ভ কৰি বহু কিবাকিবি আছে ।সেইকথা সংবাদ মাধ্যমত নিজেই কৈছে সঞ্জীৱ নাৰায়ণে । শ্যামকানু প্ৰভাৱশালী ব্যক্তি । শ্যামকানুৰ পৰিয়ালৰ প্ৰতিজন সদস্য ই এইখন চৰকাৰৰ কাৰ্যকালত আটাইতকৈ সুবিধা লাভ কৰিছে । গতিকে সেইজন ব্যক্তিৰ বিৰুদ্ধে এইখন চৰকাৰে কি ব্যবস্থা ল'ব সেয়া মোৰ জনা আছে ।
